Psalms 93

1যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত;
যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে;
জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
2তোমাৰ সিংহাসন পূৰ্ব্বৰে পৰা স্থাপন কৰা হ’ল;
তুমি অনাদি কালৰে পৰা বিদ্যমান।

3হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে,

নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে;
নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
4মহা জলসমূহৰ কল্লোলধ্বনিতকৈয়ো,
সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।

তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য;

হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।
5

Copyright information for AsmULB